Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

Monday, August 15, 2011

এটি অকবিতা

কেতিয়াবা কবিতা লিখিবলৈও মন যায়,
এনে এক কবিতা যি তোমাৰ বুকুত প্ৰেমৰ কঠিয়া সিঁচে,
কিন্তু দুৰ্ভিক্ষত আক্ৰান্ত এই হৃদয়ে আজি শব্দ বিচাৰি কৰিছে হাহাকাৰ,
শুনা পাইছানে তুমি সেই হৃদয়ৰ আৰ্তনাদ ?
শুনা পালে পঠাবা মোলৈ শব্দৰ এজাক বৰষুণ
মোৰ হৃদয়তো গজালি মেলিব কবিতাই
তোমালৈ বুলি কবিতা লিখিম
তোমাক ভাল পাবলৈ শিকিম.........







Sunday, September 5, 2010

কোনে কৈছে মই কবিতা লিখিছো বুলি......

তোমাক হেৰুৱাই মই সুখী বুলি নাভাবিবা
থিক হেৰুওৱা নহয়,
তোমাক মোৰ পৰা আঁতৰাই ৰখা বুলি ক’লে বেছি ভাল শুনি
কিন্তু মই জানো সেইটো বিচাৰিছিলো ?
তুমি তো মোৰ ভাল পোৱাক কেতিয়াও সন্দেহ কৰা নাছিলা
তেন্তে তোমাক এই শাস্তি মই কিয় দিছো ?
এই কথা হয়তো তোমাক মই বুজাব নোৱাৰিম
জীবনত যে সকলো সিদ্ধান্ত নিজে ল’ব নোৱাৰি
সেইয়া বুজাত যেন বহুত পলম কৰি দিলো মই
তুমি মোক ক্ষমা ক’ৰিলেও হয়তো
তোমাৰ ভাল পোৱাই নক’ৰিব
আচলতে ক্ষমাৰ যোগ্যই নহয় মই
তুমি কোৱা তুমিও মোৰ লগত যাত্ৰা কৰিবা
এই নিঃসঙ্গতা নামৰ নাওখনত
হয়তো এয়াই মোৰ শাস্তি
প্ৰতিটো মুহূৰ্ত্তই যেন মোক সোঁৱৰাই থাকিব
মই তোমাৰ প্ৰতি কৰা অন্যায়ৰ কথা
তুমি আগবাঢ়ি যোৱা, মোলৈ বাট নাচাবা
মই কৰা ভুলৰ শাস্তি নিজক নিদিবা
বিচাৰি লোৱা এটি নতুন জীবন, সুখী হোৱা


(Thanks to
http://www.xobdo.org/ for providing an opportunity to type in my mother-tongue Assamese)

Sunday, August 23, 2009

মোৰ বাবে আনে লিখা এটি কবিতা ২.....

তুমিয়েই কৈছিলা তুমি হাঁহিলে মই হাঁহিম
তোমাৰ বেদনাত মই কান্দিম
চকুত চকু থৈ একেলগে বাট বুলিম
তোমাৰ হৃদয়ৰ প্ৰতি স্পন্দনত মই থাকিম
তুমিতো কোৱা নাচিলা মই তোমাৰ জোনাক মচি অমাৱস্যাৰ চাদৰেৰে ঢাকিম
দুখৰ কৰণিত ডুবাই ৰাখিম
তুমি হয়তো বুজি উঠিছিলা তুমি নোহোৱা নিশাৰ বেদনা
চকুৰে স্পৰ্শ কৰিব নোৱাৰা মাথোঁ মনেৰে অনুভৱ কৰা এটা এটা নতুন পুৱাৰ ঠিকনা

Tuesday, August 4, 2009

প্ৰণৱ কুমাৰ বৰ্মনৰ এটি কবিতা

সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ
তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো ?
তোমাৰ বাবেই মোৰ শব্দৰ গুহাত গজি উঠে হুমুনিয়াহ
পাণ বজাৰলৈ নাজাবা সন্ধিয়া,
সান্ধ্য আইনেৰে মাতাল দিঘলী পুখুৰীৰ পাৰ
অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ
কিমান অশান্ত বতাহ নিশান্তৰ কামনা
সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই
তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম ড'ৰিকণা
মোৰ একোৱাৰিয়ামত নাচিবলৈ
মই ড'ৰিকণা ধৰিবলৈ বৰশী নাবাও
তোমাৰ দুখৰ পোছাক ধুবলৈ মই ধোবাও
তুমি কি ভাল পোৱা গৰমত? চিত্ৰা, মিৰিন্দা নে থামচাপ ?
আমেৰিকা আমাৰ বাবে ঘৃণণীয় শব্দ
ঘোলা পানীত কলেৰা খাই যৌবনপ্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ
তুমি কি ভাল পোৱা? মেড'না নে মাইকেল জেকচন
মোক বধিৰ কৰি পেলোৱা সাগৰিকা

Thursday, July 30, 2009

কিছুমান ক'ব নলগীয়া কথা....

তুমি আহিবা বুলি ৰৈ আছিলো
নাহিলা দেখোন
তোমাৰ অবিহনে কটোৱা দিনবোৰৰ
হিচাপ লব নাহা নেকি ?
আহিবা কেতিয়াবা, মই নাথাকিলেও
মোৰ কোঠাৰ চুকে কোণে থকা
আধাপোৰা চিগাৰেট আৰু কফিৰ উদং
গিলাচবোৰক লগ কৰিবা ।
সিহঁতে দিব তোমাক মোৰ ডায়েৰীখন,
সেই নিদ্রাহীন নিশাবোৰৰ এক খতিয়ান
তুমি কাৰ প্রেমত বলিয়া আজি ?
তোমাৰ সেই হাঁহি, সেই মধুৰ পৰশ আজি
মোৰ বাবে যেন এক ইন্চ'মনিয়া
ব'ম্বেৰ আকাশত যদি তৰা দেখিলোহেঁতেন
তৰা গণি ৰজনী কটালোহেঁতেন ।
তোমাৰ চুবুৰীত কুকুৰৰ ভুকনি শুনানে আজিকালি ?
আগতে তোমাৰ তালৈ চোৰৰ দৰে যাওঁতে যে
কুকুৰে ভুকিছিল মনত আছেনে ?
মই জানো, আজি মোৰ কথা শুনিবলৈ তোমাৰ আহৰি নাই
কিন্তূ মই তথাপিও বাট চাম,
পুনৰ সেই জীৱন ঘূৰাই পোৱাৰ আশাত.............

মোৰ বাবে আনে লিখা এটি কবিতা....

তুমি নজনাকৈয়ে তোমাৰ ওঁঠৰ ফাঁকেৰে সৰকি পৰা
প্ৰেৰণাৰ উষ্ণ ভাষাবোৰ মোৰ জোনাকী দুহাতত
সৃষ্টিৰ এটি সেউজ বাঁহী
বাঁহীৰ সুৰত মোৰ অনুভৱ
তুমি নজনাকৈয়ে তোমাৰ স্থিতি মোৰ হৃদয় উপত্যকাত
জোনাক নিশাৰ দৰে মায়াময়
তুমি নজনাকৈয়ে দুচকুৰ গভীৰতাত মই মোক বিচাৰি পাওঁ
অৰণ্যৰ মাজত, যি অৰণ্যত মাথোঁ ভালপোৱাৰ সেউজ নিমন্ত্ৰণ
তুমি নজনাকৈয়ে কেতিয়াবা তোমাৰ চকুৰ মেঘত
প্ৰত্যক্ষ কৰোঁ আকাশৰ উচুপনি
তুমি নজনাকৈয়ে তুমি মোৰ ওচৰলৈ আহা
পুৱাতে প্ৰেমৰ একাঁজলি ৰ’দ হৈ