Monday, August 15, 2011

এটি অকবিতা

কেতিয়াবা কবিতা লিখিবলৈও মন যায়,
এনে এক কবিতা যি তোমাৰ বুকুত প্ৰেমৰ কঠিয়া সিঁচে,
কিন্তু দুৰ্ভিক্ষত আক্ৰান্ত এই হৃদয়ে আজি শব্দ বিচাৰি কৰিছে হাহাকাৰ,
শুনা পাইছানে তুমি সেই হৃদয়ৰ আৰ্তনাদ ?
শুনা পালে পঠাবা মোলৈ শব্দৰ এজাক বৰষুণ
মোৰ হৃদয়তো গজালি মেলিব কবিতাই
তোমালৈ বুলি কবিতা লিখিম
তোমাক ভাল পাবলৈ শিকিম.........







1 comment:

কুঁহিশিখা said...

শব্দতেই ভাঁহি আহক তোমাৰ আশাৰ বৰষুণ !