Sunday, September 5, 2010

কোনে কৈছে মই কবিতা লিখিছো বুলি......

তোমাক হেৰুৱাই মই সুখী বুলি নাভাবিবা
থিক হেৰুওৱা নহয়,
তোমাক মোৰ পৰা আঁতৰাই ৰখা বুলি ক’লে বেছি ভাল শুনি
কিন্তু মই জানো সেইটো বিচাৰিছিলো ?
তুমি তো মোৰ ভাল পোৱাক কেতিয়াও সন্দেহ কৰা নাছিলা
তেন্তে তোমাক এই শাস্তি মই কিয় দিছো ?
এই কথা হয়তো তোমাক মই বুজাব নোৱাৰিম
জীবনত যে সকলো সিদ্ধান্ত নিজে ল’ব নোৱাৰি
সেইয়া বুজাত যেন বহুত পলম কৰি দিলো মই
তুমি মোক ক্ষমা ক’ৰিলেও হয়তো
তোমাৰ ভাল পোৱাই নক’ৰিব
আচলতে ক্ষমাৰ যোগ্যই নহয় মই
তুমি কোৱা তুমিও মোৰ লগত যাত্ৰা কৰিবা
এই নিঃসঙ্গতা নামৰ নাওখনত
হয়তো এয়াই মোৰ শাস্তি
প্ৰতিটো মুহূৰ্ত্তই যেন মোক সোঁৱৰাই থাকিব
মই তোমাৰ প্ৰতি কৰা অন্যায়ৰ কথা
তুমি আগবাঢ়ি যোৱা, মোলৈ বাট নাচাবা
মই কৰা ভুলৰ শাস্তি নিজক নিদিবা
বিচাৰি লোৱা এটি নতুন জীবন, সুখী হোৱা


(Thanks to
http://www.xobdo.org/ for providing an opportunity to type in my mother-tongue Assamese)

No comments: