Thursday, July 30, 2009

মোৰ বাবে আনে লিখা এটি কবিতা....

তুমি নজনাকৈয়ে তোমাৰ ওঁঠৰ ফাঁকেৰে সৰকি পৰা
প্ৰেৰণাৰ উষ্ণ ভাষাবোৰ মোৰ জোনাকী দুহাতত
সৃষ্টিৰ এটি সেউজ বাঁহী
বাঁহীৰ সুৰত মোৰ অনুভৱ
তুমি নজনাকৈয়ে তোমাৰ স্থিতি মোৰ হৃদয় উপত্যকাত
জোনাক নিশাৰ দৰে মায়াময়
তুমি নজনাকৈয়ে দুচকুৰ গভীৰতাত মই মোক বিচাৰি পাওঁ
অৰণ্যৰ মাজত, যি অৰণ্যত মাথোঁ ভালপোৱাৰ সেউজ নিমন্ত্ৰণ
তুমি নজনাকৈয়ে কেতিয়াবা তোমাৰ চকুৰ মেঘত
প্ৰত্যক্ষ কৰোঁ আকাশৰ উচুপনি
তুমি নজনাকৈয়ে তুমি মোৰ ওচৰলৈ আহা
পুৱাতে প্ৰেমৰ একাঁজলি ৰ’দ হৈ


No comments: