Sunday, August 23, 2009

মোৰ বাবে আনে লিখা এটি কবিতা ২.....

তুমিয়েই কৈছিলা তুমি হাঁহিলে মই হাঁহিম
তোমাৰ বেদনাত মই কান্দিম
চকুত চকু থৈ একেলগে বাট বুলিম
তোমাৰ হৃদয়ৰ প্ৰতি স্পন্দনত মই থাকিম
তুমিতো কোৱা নাচিলা মই তোমাৰ জোনাক মচি অমাৱস্যাৰ চাদৰেৰে ঢাকিম
দুখৰ কৰণিত ডুবাই ৰাখিম
তুমি হয়তো বুজি উঠিছিলা তুমি নোহোৱা নিশাৰ বেদনা
চকুৰে স্পৰ্শ কৰিব নোৱাৰা মাথোঁ মনেৰে অনুভৱ কৰা এটা এটা নতুন পুৱাৰ ঠিকনা

No comments: