Tuesday, August 4, 2009

প্ৰণৱ কুমাৰ বৰ্মনৰ এটি কবিতা

সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ
তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো ?
তোমাৰ বাবেই মোৰ শব্দৰ গুহাত গজি উঠে হুমুনিয়াহ
পাণ বজাৰলৈ নাজাবা সন্ধিয়া,
সান্ধ্য আইনেৰে মাতাল দিঘলী পুখুৰীৰ পাৰ
অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ
কিমান অশান্ত বতাহ নিশান্তৰ কামনা
সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই
তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম ড'ৰিকণা
মোৰ একোৱাৰিয়ামত নাচিবলৈ
মই ড'ৰিকণা ধৰিবলৈ বৰশী নাবাও
তোমাৰ দুখৰ পোছাক ধুবলৈ মই ধোবাও
তুমি কি ভাল পোৱা গৰমত? চিত্ৰা, মিৰিন্দা নে থামচাপ ?
আমেৰিকা আমাৰ বাবে ঘৃণণীয় শব্দ
ঘোলা পানীত কলেৰা খাই যৌবনপ্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ
তুমি কি ভাল পোৱা? মেড'না নে মাইকেল জেকচন
মোক বধিৰ কৰি পেলোৱা সাগৰিকা

No comments: